Galaxy Wearable গোপনীয়তা জাননী শেহতীয়া আপডেট: 1 এপ্ৰিল, 2021ত Samsung Electronics Co., Ltd.,ত, আমাৰ গ্ৰাহকসকলৰ বাবে গোপনীয়তা কিমান গুৰুত্বপূৰ্ণ আমি জানো। আপোনাৰ ব্যক্তিগত তথ্য আমি কিদৰে সংগ্ৰহ আৰু ব্যৱহাৰ কৰো সেইয়া আপুনি বুজি পোৱাটো নিশ্চিত কৰিবৰ বাবে আমি এই গোপনীয়তা জাননী সৃষ্টি কৰিছোঁ। https://account.samsung.com/membership/terms/privacypolicy-ত চাব পৰা আমাৰ গোপনীয়তাৰ নীতি আপোনাৰ Galaxy Wearable-ৰ ব্যৱহাৰতো প্ৰয়োগ হ'ব। আমাৰ গোপনীয়তাৰ নীতিত আমি আপোনাৰ ডাটা কেনেদৰে ব্যৱহাৰ কৰোঁ সেই বিষয়ে অধিক তথ্য আছে। ইয়াত আমাক কিদৰে যোগাযোগ কৰিব লাগে সেই তথ্যও অন্তৰ্ভুক্ত। অনুগ্ৰহ কৰি এই গোপনীয়তাৰ জাননীৰ উপৰিও আমাৰ গোপনীয়তাৰ নীতিও পঢ়ক। অৱশ্যে, এই গোপনীয়তা জাননীয়ে গোপনীয়তা নীতিৰ ওপৰত সকলো সময়তে প্ৰভাৱ পেলায়। আমি কি তথ্য সংগ্ৰহ কৰোঁ? আপোনাৰ Galaxy Wearableৰ যোগেদি আমি বিভিন্ন দিশেৰে আপোনাৰ বিষয়ে তথ্য সংগ্ৰহ আৰু তদাৰক কৰোঁ। প্ৰত্যক্ষভাৱে আপুনি প্ৰদান কৰা তথ্য • যেতিয়া আপুনি আপোনাৰ Galaxy Wearable ডিভাইচত Samsung account-ত লগ ইন কৰে, Samsung account তথ্য, যেনে আপোনাৰ Samsung account আইডি। আপোনাৰ Galaxy Wearableৰ ব্যৱহাৰ সম্পৰ্কীয় তথ্য • আপোনাৰ ডিভাইচবোৰৰ বিষয়ে তথ্য, যেনে ডিভাইচ প্ৰকাৰ, ডিভাইচ মডেল, OS প্ৰকাৰ আৰু সংস্কৰণ, ডিভাইচ চিনাক্তকাৰী আৰু অন্যান্য একক চিনাক্তকাৰী, ম'বাইল নেটৱৰ্ক প্ৰদানকাৰী, ডিভাইচ কনফিগাৰেচন আৰু ছেটিংছ; • GPS, ব্লুটুথ আৰু ৱাইফাই সংকেতৰ জৰিয়তে আপোনাৰ অৱস্থানৰ সৈতে সম্পৰ্কিত তথ্য। আপোনাৰ Galaxy Wearable-ৰ কিছুমান সুবিধাৰ বাবে আপোনাৰ ডিভাইচৰ সঠিক ভূ-অৱস্থান সংগ্ৰহৰ প্ৰয়োজন হয়, আৰু তেনে উদাহৰণবোৰত আমি আপোনাৰ ভূ-অৱস্থান সংগ্ৰহ কৰিম, কিন্তু কেৱল আপোনাৰ অনুমতি লৈহে। যেতিয়া এটা Galaxy Wearable সুবিধাই আপোনাৰ সঠিক ভূ-অৱস্থান সংগ্ৰহ কৰিব বিচাৰে তেতিয়া আপোনাৰ ডিভাইচে আপোনাক অৱগত কৰিব। অনুগ্ৰহ কৰি মন কৰক যে যদি আপুনি Galaxy Wearableক আপোনাৰ সঠিক ভূ-অৱস্থান সংগ্ৰহ কৰিবলৈ অনুমতি নিদিয়ে, আপুনি Galaxy Wearableৰ সকলো সুবিধা ব্যৱহাৰ কৰিবলৈ সক্ষম নহ'ব পাৰে; • যেতিয়া আপুনি এটা ৰিম'ট সংযোগ সুবিধা (যেনে ব্লুটুথ-ত কৈ Wi-Fi বা ম'বাইল ডাটাত আপোনাৰ Galaxy Wearableলৈ আপোনাৰ ম'বাইল ডিভাইচ সংযোগ কৰা যাতে আপোনাৰ Galaxy Wearable-এ আপোনাৰ ফোনৰ পৰা মেচেজসমূহ লাভ কৰিব পাৰে) ব্যৱহাৰ কৰে; আপোনাৰ ম'বাইল ডিভাইচত ইনষ্টল হৈ থকা এপসমূহৰ বিষয়ে তথ্য যেনে অধিসূচনাসমূহ আৰু প্ৰাপ্ত কৰা মেচেজ আৰু ইমেইলসমূহৰ সমল (মেচেজ আৰু মিডিয়া ফাইলসমূহৰ সমলকে ধৰি); আৰু • যদি আপুনি বেকআপ আৰু পুনঃসংগ্ৰহৰ সুবিধা, ছফ্টৱেৰ সংস্কৰণ, বিক্ৰী ক'ড, ইনষ্টল হৈ থকা আৰু শেহতীয়াকৈ ব্যৱহাৰ কৰা এপসমূহ, ইনষ্টল হৈ থকা এপসমূহৰ ডাটা আৰু ছেটিংছ, ৱাট্ছ ফে'চ, এপ আৰু ৱিজেটসমূহকে ধৰি হ'ম স্ক্ৰীন ছেটিংছ, অধিসূচনা ছেটিংছ, প্ৰদৰ্শন, ধ্বনি আৰু ভাইব্ৰেশ্বনকে ধৰি ছিষ্টেম ছেটিংছ ব্যৱহাৰ কৰে। • যদি আপুনি নিদান ডাটা, নিদান, প্ৰযুক্তিগত, ত্ৰুটি, আৰু ব্যৱহাৰৰ তথ্য যেনে আপোনাৰ Galaxy Wearable আৰু আপোনাৰদ্বাৰা ইনষ্টল কৰা এপৰ ব্যৱহাৰৰ সময় আৰু কালদৈৰ্ঘ্য আৰু কিমান সময় আৰু কেতিয়া আপুনি এপসমূহ খোলে বা বন্ধ কৰে, এইসমূহ প্ৰেৰণ কৰিবলৈ সন্মত হয়। আমি আপোনাৰ, আপোনাৰ Galaxy Wearable আৰু এপসমূহ, Galaxy Wearableৰ সৈতে সংযোগ হৈ থকা আপোনাৰ ডিভাইচসমূহ, আৰু আমি আপোনাক সংগ্ৰহণৰ সময়ত ব্যাখ্যা কৰিব পৰাকৈ, আৰু প্ৰয়োজন হ'লে আপোনাৰ সন্মতি ল'ব পৰাকৈ আপোনাৰ Galaxy Wearableৰ ব্যৱহাৰৰ বিষয়ে অন্যান্য তথ্যও সংগ্ৰহ কৰিব পাৰোঁ। আমি আপোনাৰ তথ্য কেনেকৈ ব্যৱহাৰ কৰোঁ? • আপোনাক Galaxy Wearableৰ বাবে পঞ্জীয়ন কৰাত আৰু ব্যৱহাৰ কৰাত সহায় কৰিবলৈ। • আপুনি অনুৰোধ কৰা সেৱা আৰু সুবিধাসমূহ প্ৰদান কৰিবলৈ। • আপোনাৰ অনুৰোধ আৰু প্ৰশ্নাৱলীত সহাঁৰি দিবলৈ, আৰু আপোনাৰ Galaxy Wearable সম্পৰ্কীয় প্ৰযুক্তিগত সমৰ্থন আপুনি অনুৰোধ কৰিলে সহযোগিতা আগবঢ়োৱাকে ধৰি আপোনাৰ Galaxy Wearableৰ বিষয়ে আপোনাৰ সৈতে যোগাযোগ কৰিবলৈ। • Samsung চয়ন কৰা বা তৃতীয়-পক্ষৰ এপসমূহ, সুবিধা আৰু সেৱাসমূহৰ সৈতে মত বিনিময় কৰিবলৈ আপোনাক অনুমোদন জনাবলৈ। উদাহৰণস্বৰূপে, আপুনি আপোনাৰ এপ আৰু ছেটিংছৰ তথ্য Samsung Cloudত বেক আপ কৰিবলৈ নতুবা আপোনাৰ Galaxy Wearableত Samsung Health ব্যৱহাৰ কৰিবলৈ সমৰ্থ হ'ব পাৰিব পাৰে। • আপোনাৰ Galaxy Wearableৰ সৈতে সম্পৰ্কিত খাপখোৱা সমল আৰু সেৱা যোগান ধৰিবলৈ। • কেৱল আপুনি য'ত আমাক পৃথক সন্মতি প্ৰদান কৰিছে তাত প্ৰত্যক্ষ বিপণন যোগাযোগসমূহ (যেনে পুশ্ব অধিসূচনা, ইমেইল, আৰু টেক্সট্ মেচেজৰ জৰিয়তে) মাধ্যমেৰে প্ৰচাৰ আৰু অফাৰসমূহ প্ৰদান কৰিবলৈ। • Galaxy Wearable আৰু আমাৰ ব্যৱসায় (নতুন সামগ্ৰী আৰু সেৱাৰ বিকাশ, আমাৰ সামগ্ৰী আৰু সেৱাসমূহ বৃদ্ধি আৰু উন্নত কৰা; আমাৰ যোগাযোগৰ ব্যৱস্থাপনা কৰা; আমাৰ সামগ্ৰীসমূহ, গ্ৰাহক ভিত্তি আৰু সেৱাসমূহ বিশ্লেষণ কৰা; বজাৰ গৱেষণা সম্পন্ন কৰা; ডাটা বিশ্লেষণ সম্পাদন কৰা; আৰু একাউণ্টিং, অডিটিং আৰু অন্য আভ্যন্তৰীণ কাৰ্য্যসমূহ সম্পাদন কৰাকে অন্তৰ্ভুক্ত কৰি) পৰিচালনা, মূল্যাংকন, আৰু উন্নত কৰিবলৈ; • যদি প্ৰয়োজন হয়, আপোনাৰ পৃথক সন্মতি সহ আমাৰ প্ৰডাক্ট আৰু সেৱাসমূহ সম্পৰ্কে আপোনাৰ মত জানিবলৈ আৰু গ্ৰাহক সমীক্ষণ কৰিবলৈ। • আপোনাৰ Galaxy Wearableৰ বাবে চফ্টৱেৰ আপডেট, পৰিচালন সেৱা, আৰু সমৰ্থন প্ৰদান কৰিবলৈ। • প্ৰৱঞ্চনা আৰু অন্য অপৰাধমূলক ক্ৰিয়া-কলাপ, দাবী আৰু অন্য দায়বদ্ধতাৰ বিৰুদ্ধে সুৰক্ষা, এয়া চিনাক্তকৰণ আৰু বাধা দিবলৈ। • এই গোপনীয়তাৰ জাননী আৰু গোপনীয়তাৰ নীতিকে ধৰি প্ৰযোজ্য আইনগত অৰ্হতা, প্ৰাসংগিক উদ্যোগৰ মানদণ্ড আৰু আমাৰ নীতিসমূহ মানি চলিবলৈ আৰু প্ৰয়োগ কৰিবলৈ। আপোনাৰ Galaxy Wearable-এ অন্য Samsung বা তৃতীয়-পক্ষৰ এপ, সেৱা আৰু সুবিধাসমূহৰ সৈতে সংযুক্ত হোৱা বা সেয়া ব্যৱহাৰ কৰিবলৈ সক্ষমতা প্ৰদান কৰিব পাৰে। উদাহৰণস্বৰূপে, আপুনি আপোনাৰ Galaxy Wearable ডিভাইচত Samsung Health বা Bixby Voice ব্যৱহাৰ কৰিবলৈ সক্ষম হ'ব পাৰে। এই Samsung আৰু তৃতীয়-পক্ষৰ এপ, সেৱা আৰু সুবিধাসমূহৰ নিজা গোপনীয়তা জাননী থাকিব পাৰে। এইটো নিশ্চিত কৰিবলৈ এইসমূহ পুনৰীক্ষণ কৰক যে আপুনি এই সেৱাসমূহে আপোনাৰ তথ্য কেনেকৈ প্ৰক্ৰিয়াগত কৰে বুজি পাইছে। এই পৰিসৰত অন্য কোনো সংযোজিত বা প্ৰদৰ্শিত এপ, সেৱা বা অন্য সুবিধা আমাৰদ্বাৰা অধীকৃত বা নিয়ন্ত্ৰিত নহয়, আমি ইয়াৰ সমল, ব্যৱহাৰ বা গোপনীয়তাৰ ৰীতিসমূহৰ বাবে দায়বদ্ধ নহয়। আমি কাৰ সৈতে আপোনাৰ তথ্য ভাগ-বতৰা কৰো? আমি আমাৰ ব্যৱসায় আৰু নিম্নোক্ত খিতাপসমূহত, কিন্তু কেৱল ওপৰত বৰ্ণনা কৰা উদ্দেশ্যসমূহৰ বাবেহে আভ্যন্তৰীণভাৱে আপোনাৰ তথ্য প্ৰকাশ কৰিম। * সহযোগী প্ৰতিষ্ঠানসমূহ: অন্য Samsung Electronics Groupৰ কোম্পানী যিটো আমি নিয়ন্ত্ৰণ কৰো বা ইয়াৰ মালিকীস্বত্ব আছে; * সেৱা প্ৰদানকাৰী: সাৱধানতাৰে বাছনি কৰা কোম্পানীসমূহ যি আমাৰ বাবে বা আমাৰ হৈ সেৱা আগবঢ়ায় যেনে ডাটা ছাৰ্ভাৰসমূহ যিবোৰে আমাৰ হৈ ডাটা পৰিচালনা কৰে। এই প্ৰদানকাৰীসকল আপোনাৰ তথ্য সুৰক্ষিত কৰিবলৈও প্ৰতিশ্ৰুতিবদ্ধ ৷ * আইনৰ প্ৰয়োজনত বা আপোনাৰ Galaxy Wearable সুৰক্ষিত কৰিবলৈ অন্যান্য পক্ষ: উদাহৰণস্বৰূপে, আপোনাৰ তথ্য প্ৰকাশ কৰিবলৈ এয়া আইন, আইনী ব্যৱস্থা, বা চৰকাৰী কৰ্তৃপক্ষৰ পৰা অহা আদালতৰ নিৰ্দেশৰদ্বাৰা প্ৰয়োজনীয় হ'ব পাৰে। তেওঁলোকে আমাৰ পৰা আইন প্ৰয়োগকাৰী, ৰাষ্ট্ৰীয় নিৰাপত্তা, সন্ত্ৰাসবাদ বিৰোধী, বা ৰাজহুৱা নিৰাপত্তা সম্পৰ্কীয় অন্য সমস্যাসমূহৰ উদ্দেশ্যে আপোনাৰ তথ্যও বিচাৰিব পাৰে; * কৰ্প'ৰেট লেনদেনৰ সৈতে সংযুক্ত অন্য পক্ষসমূহ: আমি এটা মাৰ্জাৰ বা স্থানান্তৰ, অৰ্জিত বা বিক্ৰয়, বা দেউলীয়া হোৱাৰ অংশ ৰূপে এটা তৃতীয় পক্ষক আপোনাৰ তথ্য প্ৰকাশ কৰিব পাৰো; আৰু * আপোনাৰ সন্মতি বা আপোনাৰ নিৰ্দেশনাৰে অন্য পক্ষসমূহ: এই গোপনীয়তা নীতিত থকা অস্বীকাৰ পত্ৰত বৰ্ণনা কৰাৰ উপৰিও, আমি আপুনি ইয়ালৈ পৃথকভাৱে সন্মতি দিওঁতে বা তেনে ভাগ-বতৰাৰ অনুৰোধ কৰাৰ সময়ত তৃতীয় পক্ষৰ সৈতে আপোনাৰ বিষয়ে তথ্য ভাগ-বতৰা কৰিব পাৰোঁ ৷ এই গোপনীয়তা জাননীৰ আপডেটসমূহ আমি আপোনাৰ Galaxy Wearableৰ তথ্য বা প্ৰাসংগিক আইন আৰু বিধিসমূহৰ পৰিৱৰ্তন কিদৰে সংগ্ৰহ আৰু প্ৰক্ৰিয়াগত কৰোঁ সেই পৰিৱৰ্তনসমূহৰ বিষয়ে আপোনাক জনাবৰ বাবে এই গোপনীয়তা জাননী আপডেট হ'ব পাৰে। এই গোপনীয়তাৰ জাননীৰ ওপৰৰ ফালে নথিপত্ৰখনৰ শেহতীয়া আপডেট কেতিয়া হৈছিল সেই তাৰিখ দেখুওৱা হৈছে। Version:P01.03.00